৭ বছৰ ১০ মাহৰ অন্তত অৱশেষত অভি-নীলৰ হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান। আজি নগাঁও আদালতে অভি-নীল হত্যাকাণ্ড গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰে এই নৃশংস হত্যাকাণ্ডত আদালতে ২০ জনক দোষী সাব্যস্ত কৰিছে । ২৪ এপ্ৰিলত শাস্তি ঘোষণা কৰা হ’ব দোষীসকলক।
২০১৮ চনত পশ্চিম কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মুঠ ৪৮ জন অভিযুক্তৰ তিনিজন নাবালক হিচাপে পৰিগণিত হোৱাত মুঠ ৪৫ জন অভিযুক্তৰ বিৰুদ্ধে নগাঁও আদালতত চলি আছিল বিচাৰপ্ৰক্ৰিয়া । ৪৫ জনকৈ অভিযুক্তৰ ২০ জনক সোমবাৰে দোষী সাব্যস্ত কৰাৰ বিপৰীতে ২৫ জনক দোষমুক্ত ঘোষণা কৰে নগাঁও আদালতে ।
সোমবৰে নগাঁও আদালতে অভি-নীল হত্যাকাণ্ডৰ ২০ জন অভিযুক্তক দোষী সাব্যস্ত কৰিলেও পৰৱৰ্তী ২৪ এপ্ৰিলত নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে শাস্তি ঘোষণা কৰিব
উল্লেখযোগ্য যে ২০১৮ চনৰ ৮ জুনত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। কাৰ্বি ভূমিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দুই প্ৰতিভাৱান যুৱ যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথ একাংশ উন্মাদ লোকে আক্ৰমণ কৰিছিল।উন্মাদ দলটোৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল দুই সুঠাম যুৱকে।
একাংশ লোকে তেওঁলোকৰ বাহনখন ৰখাই ‘সোপাধৰা’ৰ সন্দেহত নিৰ্মমভাৱে আক্ৰমণ কৰিছিল। সেই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। যিটো ভিডিঅ’ত নীলোৎপল দাসে চিঞৰি চিঞৰি কোৱা শুনা গৈছিল – ‘‘মই অসমীয়া হয়… মই আচল অসমীয়া হয়… সঁচাকৈ মই অসমীয়া। মোৰ দেউতাৰ নাম গোপাল চন্দ্ৰ দাস, মাৰ নাম ৰাধিকা দাস…।’’ কিন্তু দুই যুৱকৰ কাতৰ অনুৰোধকো আওকাণ কৰি তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল পাষণ্ডৰ দলটো। উন্মত্ত দলটোৰ প্ৰহাৰত মৃত্যুক আঁকোৱালি লৈছিল অভিজিৎ আৰু নীলোৎপলে।সুদীৰ্ঘ ৮ বছৰ ধৰি এই হত্যাকাণ্ডৰ গোচৰ চলি আছিল আদালতত।