কাছাৰ জিলাৰ জিৰিঘাট কদমটিলাত ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা।
ভূমি বিবাদক কেন্দ্ৰ কৰি ৬০ বছৰীয়া বৃদ্ধক গুলীয়াই হত্যা। দীৰ্ঘদিন ধৰি চলি থকা এক ভূমি বিবাদৰ পৰিণতিত ৬০ বছৰীয়া এজন বৃদ্ধক গুলীয়াই হত্যা কৰিলে একাংশ লোকে। মৃত ব্যক্তিজনক জিৰিঘাটৰ বাঘখাল নিবাসী।
জানিব পৰা মতে, সোমবাৰে এটা সশস্ত্ৰ দল লুকু মিঞাৰ ঘৰত উপস্থিত হয়। লুকু মিঞাৰ ঘৰত উপস্থিত হৈ কিছু দূৰলৈ লৈ যোৱা হয়। তাৰ পিছত লোকজনক লাঠীৰে মাৰপিট কৰি গুলীয়াই হত্যা কৰে দলটোৱে। ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে হত্যাকাৰী দলটোৱে।
ঘটনাৰ খৱৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰে। লগতে কাছাৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অভিযান চলাই ঘটনাৰ ১২ ঘণ্টাৰ ভিতৰতে হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰক্ষীয়ে হত্যাকাণ্ডৰ সৈতে জড়িত চাৰিজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে।
ধৃত অভিযুক্তসকল ক্ৰমে চাহাৰুল হক লস্কৰ, চাজুল ইছলাম লস্কৰ, বাবুল হক চৌধুৰী আৰু সুজান আক্তাৰ লস্কৰ৷ অভিযানকালত আৰক্ষীয়ে অভিযুক্তসকলৰ জিম্মাৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত দুটাকৈ দেশত নিৰ্মিত ৰাইফল, এটা পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী জব্দ কৰে। দীৰ্ঘদিনীয়া ভূমি বিবাদৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি আৰক্ষীয়ে প্ৰাথমিক তদন্তত সন্দেহ প্ৰকাশ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।