ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন ।
ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে পুৱতি নিশা তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ১৮ সংখ্যক ব্ৰিকছ (BRICS) শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে তেওঁ এই ভাৰত ভ্ৰমণলৈ আহিছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে ‘এক্স’ (X)ত ৰাষ্ট্ৰপতি পুটিনক উষ্ম আদৰণি জনাই উল্লেখ কৰে যে, “১৮ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ অহা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক আন্তৰিক আদৰণি জনাইছো। ভাৰত আৰু ৰাছিয়াৰ মাজত দীৰ্ঘদিনীয়া ঐতিহাসিক তথা সুদৃঢ় কূটনৈতিক সম্পৰ্ক আছে।”
উল্লেখ্য যে, সন্মিলনৰ পূৰ্বে ৰাষ্ট্ৰপতি পুটিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে এক গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব। বৈঠকত ব্যৱসায়-বাণিজ্য, শক্তি নিৰাপত্তা আৰু দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত আলোচনা চলিব।
১২ আৰু ১৩ ছেপ্টেম্বৰত ভাৰতৰ সভাপতিত্বত নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত হ’বলগীয়া দুইদিনীয়া শীৰ্ষ সন্মিলনত সদস্য দেশসমূহৰ অন্যান্য বিশ্বনেতাসকলৰ সৈতে বৈশ্বিক অৰ্থনীতি, প্ৰযুক্তি আৰু বাণিজ্যিক সহযোগিতা সংক্ৰান্তত পুটিনে আলোচনাত অংশ ল’ব।