Share and Enjoy !

Shares

যোৰহাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।

অভিযানত যোৰহাটৰ হাৰ্ডৱেৰ দোকানৰ পৰা প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ।

অভিযুক্ত সতীশ শ্ৰীবাস্তৱৰ ব্যৱসায় প্ৰতিষ্ঠানত আৰক্ষী অভিযানত প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ জব্দ।

ড্ৰাগছ সৰবৰাহৰ অভিযোগত সতীশ শ্ৰীবাস্তৱ আৰক্ষীৰ জালত পৰাৰ পিছতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহত অভিযান চলায় আৰক্ষীয়ে।

নেফাগেট তিনিআলিত থকা শিৱম গ্লাছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত চলোৱা অভিযানত প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে।

জানিব পৰা মতে, গজালৰ বস্তাৰ মাজত অতি কৌশলগতভাৱে লুকুৱাই ৰখা হৈছিল ড্ৰাগছখিনি।

সতীশ শ্ৰীবাস্তৱৰ বাসগৃহতো অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে ১ লাখ ৯৪ হাজাৰ টকা নগদ ধন।

দুটা অভিযানত সতীশ শ্ৰীবাস্তৱৰ পৰা মুঠ প্ৰায় ২৭ গ্ৰাম ড্ৰাগছ উদ্ধাৰ হোৱা বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৪ লাখ টকা বুলি জানিব পৰা গৈছে।

অভিযোগ অনুসৰি, পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ গোচৰত আৰক্ষীৰ জালত পৰিছিল সতীশ শ্ৰীবাস্তৱ।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ অহা মতে, নেফাগেট তিনিআলিৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰাই যোৰহাটত ড্ৰাগছৰ এক বৃহৎ নেটৱৰ্ক নিয়ন্ত্ৰণ কৰা হৈছিল। তিনিচুকীয়াৰ পৰা এই প্ৰতিষ্ঠানটোলৈ ড্ৰাগছ যোগান ধৰাৰো তথ্য লাভ কৰিছে আৰক্ষীয়ে।

ঘটনাৰ পিছতে আৰক্ষীয়ে শিৱম গ্লাছ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো ছীল কৰি অধিক তদন্ত অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *