ধুবুৰীৰ গৌৰীপুৰ বালাজানত অঞ্চলত নিন্দনীয় ঘটনা। ৰঙালী বিহু উদযাপন সমিতিৰ বিহু পেণ্ডেলত দুৰ্বৃত্তই অগ্নি সংযোগ।
জানিব পৰা মতে, সোমবাৰে নিশা কোনো লোক উপস্থিত নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই মঞ্চৰ কাপোৰ খুলি জুই লগাই দিয়ে। পুৱাই বিহু সমিতিৰ সদস্যসকলে ঘটনাটো প্ৰত্যক্ষ কৰি হতবাক হৈ পৰে। ইয়াৰ পাছতে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
ঘটনাস্থলী বালাজান আৰক্ষী চকীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত অৱস্থিত। ঘটনা সংঘটিত হোৱাৰ পাছতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও আৰক্ষীৰ ভূমিকা লৈ কিছু প্ৰশ্ন উত্থাপিত হৈছে।
ইফালে, এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে ঘটনাটোত তীব্ৰ গৰিহণা জনাই দোষীক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰৰ দাবী জনাইছে। আছুৱে ২৪ ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে।