Share and Enjoy !

Shares

মহানগৰীত একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছিল আইপিএল জুৱা ৷ এই চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখি অৱশেষত উৎখাত কৰে আইপিএল জুৱা৷

এক গোপন সূত্ৰৰ পমখেদি ফটাশিল- আমবাৰী আৰক্ষীৰ এটা দলে ধীৰেনপাৰাস্থিত ‘আছাম ইলেক্ট্ৰনিকছ’ নামৰ ইলেক্ট্ৰনিক দোকান এখনত অৰ্তকিতে অভিযান চলাই তিনিটা ম’বাইল হেণ্ডছেট (বেটিং এপ ইনষ্টল থকা) আৰু এটা লেনভো লেপটপ জব্দ কৰাৰ লগতে আইপিএল জুৱাৰ মাষ্টাৰ মাইণ্ড ধীৰেনপাৰাৰ মনজিৎ সূত্ৰধৰ,আৰ জি বি এছ ৰোডৰ বৰছাপাৰাৰ অৰ্পন চৌধুৰী আৰু কালাপাহাৰ কলনি বজাৰৰ দেৱজিৎ দেৱক আটক কৰে৷

উল্লেখ্য যে উদ্ধাৰ হোৱা ম’বাইল ফোন সমূহত বিভিন্ন বেটিং এপ আৰু লেনদেনৰ তথ্য আছিল ৷ ইয়াৰ পৰা স্পষ্ট হয় যে ধৃত তিনিও যুৱকে চলিত ২০২৬ৰ আইপিএল মেচসমূহৰ সৈতে জড়িত আই পি এল বেটিং জুৱাৰ সৈতে জড়িত আছিল।

 

Leave a Reply

Your email address will not be published. Required fields are marked *