শ্ৰীভূমি চহৰত হিট এণ্ড ৰানৰ ঘটনা।
চহৰৰ মেইন ৰোডত দণ্ডাধীশ’ৰ বাহনৰ তাণ্ডৱ কেবাখনো বাহন মহতিয়াই বাহন লৈ পলায়ন দণ্ডাধীশ শান্তনু শৰ্মাৰ ।
AS 01 DN 7594 নম্বৰৰ ৱাগনাৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত দুজনকৈ লোক। আহত লোকদুজন অজিত ধৰ আৰু অনুপ কুমাৰ চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে
আহত লোক দুজনক বৰ্তমান কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । নিজে চালকৰ আসনত বহি থকা শান্তনু শৰ্মাৰ বাহনে এখন অটো ৰিক্সা, এখন ই ৰিক্সা আৰু এখন স্কুটিত খুন্দা মাৰে । ঘটনা সংঘটিত কৰি বাহন লৈ জিলাধিপতিৰ কাৰ্যালয়ৰ সম্মুখৰ পৰা পলায়ন কৰে শান্তনু শৰ্মাই ।
পিছে সেই ঠাইৰ পৰা আৰক্ষীয়ে শান্তনু শৰ্মাক আটক কৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ লৈ যায়। লগতে বাহনখন আৰক্ষীয়ে থানালৈ লৈ যায়।