নিশা নগাঁও চহৰৰ মৰিকলঙত চাঞ্চল্যকৰ ডকাইতি কাণ্ড৷
মৰিকলঙৰ চিকিৎসক ডাঃ ৰঞ্জিত শইকীয়াৰ বাসগৃহত ডকাইতৰ দলৰ লুটপাট। নিশা ঘৰত প্ৰৱেশ কৰি আ- অলংকাৰ সহ নগদ ধন লুট কৰি নিয়াৰ লগতে ডা:শইকীয়া আৰু পত্নী ৰূপৰেখা শইকীয়াৰ চোকা জাতীয় অস্ত্ৰৰে উপযুপৰি আক্ৰমণ কৰি উধাও হয়৷
ডকাইতৰ আক্ৰমণত তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা দম্পতী হালক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও দুয়োৰে অৱস্থা সংকটজনক বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে৷
ইতিমধ্যে ডা:শইকীয়া আৰু তেওঁৰ পত্নী ৰূপৰেখা শইকীয়াক নিশাই গুৱাহাটী এপল’ হাস্পতালত ভৰ্তি কৰা হয় ৷ ডা:শইকীয়া বৰ্তমান সংকটমুক্ত যদিও পত্নী আইচিইউত জীৱন- মৃত্যুৰে যুঁজিছে ৷
আনহাতে চিকিৎসাধীন হৈ থকা ডাঃ ৰঞ্জিত শইকীয়াই জানিব দিয়া অনুসৰি , ঘৰলৈ নিশা পাঁচজনীয়া ডকাইতৰ দল এটা অহিছিল ৷ লোককেইজন হিন্দীবাসী আছিল বুলি জানিবলৈ দিয়ে৷ ডকাইতৰ দলটোৱে প্ৰথমে তেওঁলোকৰ শোৱনি কোঠালৈ সোমাই আহি কোনো কথাৰ অৱতাৰণা নকৰি ডা:শইকীয়াৰ ডিঙিত ধৰি উপযুপৰি প্ৰহাৰ কৰাৰ লগতে পত্নী ৰূপৰেখাৰ মুৰত লোহাৰ ৰ’ডৰে প্ৰহাৰ কৰি ঘৰৰ গডৰেজ আদি ভাঙি আ- অলংকাৰ সহ নগদ ধন লুট কৰি উধাও হয় ৷
অৱশ্যে ডকাইতৰ দলৰ আক্ৰমণৰ পৰা তেওঁলোকৰ ছয়বছৰীয়া পুত্ৰ সন্তানটি কথমপি ৰক্ষা পৰে ৷ ডকাইতৰ আক্ৰমণত লেবেজান হৈ পৰা ডা:শইকীয়াৰ চিঞৰ- বাখৰত স্থানীয় প্ৰতিবেশী ঘটনাস্থলীত উপস্থিত হয় বুলি জানিব দিয়ে ৷
আনহাতে নিশাই ডা:শইকীয়াৰ বাসগৃহত সমীপতে থকা মৰিকলং আৰক্ষী দল উপস্থিত হৈ সকলো নিৰীক্ষণ কৰি ডকাইতৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷