Share and Enjoy !

Shares

বস্ত্ৰনগৰী শুৱালকুছিৰ গল্ডেন ঘাটৰ সমীপত মহাবাহু ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ উৱলি যোৱা মৃতদেহ।

স্থানীয় মাছমৰীয়াসকলে ব্ৰহ্মপুত্ৰৰ মাজৰ চাপৰিৰ বালিচৰত মৃতদেহটো প্ৰত্যক্ষ কৰে ।লগে লগে ঘটনা সন্দৰ্ভত শুৱালকুছি নদী আৰক্ষীক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে খবৰ লাভ কৰা লগে লগে ঘটনাস্থলীত শুৱালকুছি নদী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ উৱলি যোৱা মৃতদেহটো উদ্ধাৰ কৰে।

আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষা আৰু চিনাক্তকৰণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। যুৱকজনৰ পৰিচয় এতিয়ালৈকে উদ্ধাৰ হোৱা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *