ৰাজ্যত বৃদ্ধি পাইছে ম’ৰেল পুলিচিঙৰ ঘটনা ৷ এইবাৰ দেৰগাঁৱৰ ধেমাজি কৈৱৰ্ত গাঁৱত সংঘটিত হৈছে ম’ৰেল পুলিচিঙৰ ঘটনা। আৰক্ষীৰ বেশত অস্ত্ৰধাৰী দুর্বৃত্তই দল এটাই কৈৱত গাঁৱত ৰাকেশ দাস নামৰ যুৱকজনৰ দলবদ্ধভাৱে আক্ৰমণ কৰে৷
অস্ত্ৰধাৰী দুর্বৃত্তই দল আক্ৰমণত লেবেজান হৈ পৰা ৰাকেশ। স্থানীয় লোকে লোকজন উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে৷
ৰাকেশ দাসৰ অভিযোগ অনুসৰি, তেওঁক আক্ৰমণ কৰা গুণ্ডা বাহিনীটোৰ নেতৃত্বত আছে লক্ষীৰাম দাস৷ ইতিমধ্যে ৰাকেশ দাসে তেওঁক তালিবানী শাস্তি দিয়া লক্ষীৰাম দাস সহ তেওঁ সংগী সকলৰ বিৰুদ্ধে দেৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে ৷