Share and Enjoy !

Shares

ভাৰতীয় জনতা পাৰ্টীৰ ঐতিহাসিক বিজয়। অসমত যেন ধূলিসাৎ হ’ল কংগ্ৰেছ দল।

অভিলেখ সৃষ্টি কৰিলে ১০২খন আসন দখল কৰিলে বিজেপি মিত্ৰজোঁটে। এই ঐতিহাসিক জয়ৰ পাছতে সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাই কৰিলে পোষ্ট। পোষ্টটোত তেওঁ লিখিছে যে-

শ্ৰদ্ধাৰ অসমবাসীলৈ
হৃদয় ভৰা ধন্যবাদ

বিকাশ, উন্নয়ন আৰু ঐতিহ্য সুৰক্ষাৰ মহান লক্ষ্যক ধিয়াই অসমৰ সন্মানীয় জনসাধাৰণে একেৰাহে তৃতীয়বাৰৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্র মোদী ডাঙৰীয়াৰ সুনেতৃত্বৰ ওপৰত বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিক এক নতুন অভিলেখেৰে বিজয়ী কৰিলে।

মাননীয় ৰাষ্ট্রীয় সভাপতি শ্রীনীতিন নবীন ডাঙৰীয়া আৰু মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্রীঅমিত শ্বাহ ডাঙৰীয়াৰ মার্গদর্শনেৰে পুষ্ট আমাৰ শ্ৰদ্ধাৰ কার্যকর্তাসকলৰ নিৰলস প্রয়াস অবিহনে এই বিজয় কাহানিও সম্ভৱ নহ’লহেঁতেন।

এই বিজয় হৈছে উন্নয়ন, নাৰী শক্তি বন্দন, স্বকীয় পৰিচয় আৰু বিকশিত অসমৰ প্রতি সবল সমর্থনৰ প্রকাশ। এই সুবৃহৎ জনাদেশে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ আৰু উজনিৰ পৰা নামনি অসমলৈ জনসাধাৰণৰ মনোভাবক প্ৰতিফলিত কৰি সর্বাংগীণ বিকাশ আৰু খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষাৰ প্ৰয়োজনীয়তা দৃঢ়ভাৱে প্ৰতিপন্ন কৰিলে।

বিনম্ৰতাৰে আমি জনসাধাৰণৰ আশীৰ্বাদ আৰু আমাৰ বিকশিত-সুৰক্ষিত অসম নির্মাণৰ অংগীকাৰৰ প্ৰতি তেওঁলোকৰ উৎসাহী সঁহাৰিৰ বাবে সেৱা জনাইছোঁ। পুনৰ দোহাৰিব বিচাৰিছোঁ— অসমক ভাৰতৰ শীৰ্ষ ৫ ৰাজ্যৰ ভিতৰত স্থান দিয়াৰ বাবে আমাৰ অক্লান্ত প্ৰচেষ্টা অধিক উৎসাহেৰে অব্যাহত থাকিব।

সকলোলৈ হৃদয়েৰে কৃতজ্ঞতা!

Leave a Reply

Your email address will not be published. Required fields are marked *