ষষ্ঠবাৰৰ বাবে জালুকবাৰী সমষ্টিৰ পৰা পুনৰ জয়ী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা ।
৮৭,৭০১ টা ভোটৰ ব্যৱধানত জালুকবাৰী সমষ্টিৰ পৰা বৃহৎ জয় সাব্যস্ত কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই ।
৩৭ নং জালুকবাৰী সমষ্টিৰ পৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগ আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে ।
১৮টা ৰাউণ্ডত হোৱা ভোট গণনাত প্ৰথম ৰাউণ্ডৰ পৰাই আন দুগৰাকী বিৰোধী প্ৰাৰ্থীতকৈ অগ্ৰগতি লাভ কৰি আছিল শৰ্মাই । ১৮টা ৰাউণ্ডত ডঃ হিমন্ত বিশ্ব শৰ্মাই মুঠ ১,২৪,৯৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে ৩৭,২৯৫ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে ২,৫১ ২ টা ভোট লাভ কৰে । আনহাতে ৩,৩৮৮ টা ভোট ন’টাত পৰে ।