himanta biswa sarmahimanta biswa sarma

Share and Enjoy !

Shares

দেওবাৰে নিশা ৮ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভত আহি জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ লগতে আন কেইবাটাও বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিছেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰা বুলি কয়৷

মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ ন্যায়ৰ দিশে আমি আগবাঢ়িছো বুলি দাবী কৰি কয় যে বাকী থকা সকলো প্ৰৱাসী অসমীয়া ছিংগাপুৰৰ পৰা অসমলৈ তদন্তৰ বাবে আহিবই লাগিব৷ তেওঁ ফেচবুক লাইভ যোগে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত ক্ষিপ্ৰগতিত চলি আছে। জুবিন গাৰ্গৰ তদন্ত সঠিক দিশৰে আগবাঢ়িছে।

সোমবাৰে ৪ জন প্ৰৱাসী অসমীয়া গুৱাহাটীত উপস্থিত হ’ব। অন্য ৬গৰাকীকো শীঘ্ৰে অসমলৈ আহিবলৈ আহ্ৱান জনাই মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়ে যে আপোনালোক অসমলৈ আহিবই লাগিব। অসমলৈ নিজে নাহিলে কেনেকৈ আনিব লাগে তাৰ বাবে আইনৰ ব্যৱস্থা ল’বলৈ আমি কুণ্ঠাবোধ নকৰো। মুখ্যমন্ত্ৰীয়ে কয় যে জুবিনৰ ভিছেৰাৰ প্ৰতিবেদনে আত্মবিশ্বাস বৃদ্ধি কৰিছে। তদন্তত এটা আকাংক্ষিত ফলাফল লাভ কৰাতো নিশ্চিত।

ইপিনে সামাজিক মাধ্যম যোগে একাংশ লোকে জুবিন গাৰ্গৰ প্ৰতি সন্মান জনাই দিপাৱলীত ফটকা নুফুটাবলৈ দাবী জনাই অহাত আজি মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দি কয় যে জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিল দুখীয়া লোকৰ বাবে৷ জুবিন জীয়াই থকা হ’লে ক’লেহেঁতেন বৰপেটাৰ আতচবাজীৰ শিল্পটো জীয়াই ৰাখকক৷ শিল্পটো জীয়াই ৰাখিবৰ বাবে মই নিজেও ফটকা কিনিম৷ আনহাতে, অহা ১৫ অক্টোবৰত এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল ঘোষণা আৰু ১৫, ১৬ আৰু ১৭ অক্টোবৰত স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷

তেওঁ আৰু কয় যে শেষত আমি প্ৰাথমিক শিক্ষকৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰিম। মুখ্যমন্ত্ৰীয়ে কয় যে ‘অক্টোবৰতে ৰাজ্যৰ প্ৰায় ৩৫ ল’ৰা-ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ’ব। নিৰ্বাচনৰ সময়ত ১ লাখ নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিলো, কিন্তু এতিয়া ২ লাখ দিবলৈ সক্ষম হ’লো। অহা ৫ বছৰত ২লাখতকৈ অধিক নিযুক্তি প্ৰদান কৰিবলৈ চেষ্টা কৰিব। নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব আৰক্ষীৰ নিযুক্তি পৰীক্ষা। কংগ্ৰেছে মোক হাঁহিছিল ১ লাখ চৰকাৰী চাকৰি দিম বুলি কওতে৷ কিন্তু আজি ১ লাখৰ প্ৰতিশ্ৰুতি ভংগ কৰি ২ লাখৰ দিশে আমি আগবাঢ়িছো৷ ঝুমুইৰ বিনন্দীনি নামৰ ৰাজ্য চৰকাৰে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত অংশ লোৱা শিল্পীসকলে ২৫ হাজাৰকৈ টকা লাভ কৰিব৷ খানাপাৰা ফিল্ডলৈ মাতি তেওঁলোকক সম্বৰ্ধনা যাচিব চৰকাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *