বুধবাৰে নিশা দেৰগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। ৰাজপথতে নৃশংসভাৱে হত্যা এজন লোকক।
জানিব পৰা অনুসৰি বুধবাৰে নিশা ১০মান বজাত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো।
প্ৰত্যক্ষদৰ্শী মতে, পাপু ৰাজবংশী নামৰ এজন লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে ৰঞ্জিৎ দাসক।
জানিব পৰা অনুসৰি নিশা অঞ্চলটোৰ লোকসকলে হুলস্থূলৰ শব্দ শুনিছিল। সেই সময়ত পথলৈ ওলাই আহি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে যে পাপু ৰাজবংশী নামৰ লোকজনে আক্ৰমণ কৰি হত্যা ৰঞ্জিৎ দাসক।
ঘটনাস্থলীত সেই সময়ত উপস্থিত হোৱা ৰাইজে কৰায়ত্ব কৰি এজোপা গছত বান্ধি ৰাখে পাপু ৰাজবংশীক। মৃত ৰঞ্জিত দাস পাপু ৰাজবংশীৰ সম্পৰ্কীয় বৰদেউতাক বুলি জানিব পৰা গৈছে। এতিয়ালৈকে হত্যাকাণ্ডৰ কাৰণ পোহৰলৈ অহা নাই। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত কাৰণ।