Share and Enjoy !

Shares

গুৱাহাটী,১৪অক্টোবৰ: জুবিন গাৰ্গৰ হত্যাকাণ্ড সংঘটিত হৈছিল তেতিয়া দোষীৰ যাৱজ্জীৱন কাৰাদণ্ড, নাইবা মৃত্যুদণ্ড হ’লেহে প্ৰকৃত ন্যায় হ’ব৷ তেতিয়াহে জুবিন গাৰ্গৰ প্ৰতি প্ৰকৃত ন্যায় হ’ব জুবিন গাৰ্গৰ ন্যায় হ’ব৷

জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ন্যায়ৰ দাবীত আজি ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। আজি গোটেই অসমে কান্দি আছে৷ এছআইটিয়ে কৈ আছে আমি গৃহ মন্ত্ৰালয়লৈ লিখিছো৷ গৃহমন্ত্ৰালয়লৈ লিখা চিঠিৰ ছিংগাপুৰে কিয় উত্তৰ দিব দিব বুলি প্ৰশ্ন কৰি গগৈয়ে তদন্ত ভেকোভাঁওনাত পৰিণত হৈছে বুলি আক্ষেপ কৰে৷

সোমবাৰে সংবাদমেলত অখিল গগৈয়ে কয় যে কণ্ঠশিল্পী জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে হত্যাকাণ্ডক লৈ যি তদন্ত চলি আছে সেই তদন্তই ফলাফল দিব নে নাই, ফলাফল কি হ’ব৷ তদন্তৰ গতিক লৈ প্ৰশ্ন উত্থাপন কৰি অখিল গগৈয়ে যদি জুবিন গাৰ্গক হত্যা কৰিছে তেতিয়া ভাৰতীয় ন্যায় সংহিতাৰ ১০০ ধাৰা অনুসৰি যাৱজ্জীৱন কাৰাদণ্ড বা ফাঁচীৰ ৰায় দিয়া এইটোৱে হ’ব প্ৰকৃত ন্যায়৷ যদি এয়া হত্যাকাণ্ড বুলি প্ৰমাণিত হয়৷ অসমৰ মুখ্যমন্ত্ৰীয়ে যিহেতু ইয়াক হত্যাকাণ্ড বুলি কৈছে সেয়েহে অভিযুক্তসকলৰ মৃত্যুদণ্ড বা ফাঁচী হ’ব লাগিব, নাইবা যাৱজ্জীৱন কাৰাদণ্ড৷

হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গক ন্যায় দিব পাৰিব নে নাই সেইটোৱে হ’ব মূল কথা৷ বিদেশত হোৱা এনে কাণ্ডক লৈ কেনেদৰে চলাব পাৰে তাৰ বিষয়ত কয় যে ন্যায় সংহিতাৰ ধাৰা ২০৮ৰ অধীনত এই গোচৰৰ বিচাৰ হ’ব লাগে৷ ভাৰতীয় কোনো লোক যদি ভাৰতৰ বাহিৰত হত্যাকাণ্ডৰ বলি হৈছে তেন্তে ২০৮ ধাৰাৰ অধীনত বিচাৰ হ’ব লাগে৷ য়টত খনত থকা প্ৰতিগৰাকী লোক, অসমৰ পৰা যোৱা প্ৰতিগৰাকী লোক, ১৯৬২ চনৰ বন্দী প্ৰত্যাৰ্পণ চুক্তি আৰু পৰস্পৰ আইনী সহায়তা চুক্তিৰ অধীনত বিচাৰ প্ৰক্ৰিয়া হ’ব লাগিব৷ কিন্তু এই আইনত কোৱা হৈছে যে এনে গোচৰৰ তদন্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লাগিব৷

তেনে নকৰি যদি এছআইটিয়ে প্ৰেৰণ কৰা জাননী অনুসৰি ছিংগাপুৰত থকা কোনো মানুহ নাহে তেন্তে কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে একো কৰিব নোৱাৰে৷ যদি তাৰ পৰা মানুহ আনিব লাগে তেতিয়া আমাৰ ইয়াত যিখন আদালতত গোচৰ চলি আছে সেইখন আদালতৰ পৰা ছিংগাপুৰলৈ যিখন আদালতৰ অধীনত গোচৰ চলি আছে তালৈ পত্ৰ প্ৰেৰণ কৰিব লাগিব৷ তাৰ অবিহনে কাম নহ’ব৷ এই খিনি কাম নকৰাকৈ যি তদন্ত চলি আছে এই তদন্তই কোনো কাৰণত ন্যায় দিব নোৱাৰে৷ ছিংগাপুৰত যিখন নৰ্থ ইষ্ট ফেষ্টিভেল পাটিছিল সেইখন ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে পাটিছিল৷ ছিংগাপুৰত জুবিন গাৰ্গৰ অনুষ্ঠানৰ বাবে যি বিজ্ঞাপন মুকলি কৰা হৈছিল তাত সেই কথা উল্লেখ আছে৷

বৈদেশিক মন্ত্ৰালয়ৰ ৱেবছাইটত সেই কথা উল্লেখ আছে৷ ছিংগাপুৰৰ হাই কমিছনাৰেও স্পনৰ্ছৰ কৰিছিল৷ এই তদন্ত ভেকোভাঁওনাত পৰিণত হৈছে৷ আজি গোটেই অসমে কান্দি আছে৷ আৰু এছআইটিয়ে কৈ আছে আমি গৃহ মন্ত্ৰালয়লৈ লিখিছো৷ গৃহমন্ত্ৰালয়লৈ লিখা চিঠিৰ ছিংগাপুৰে কিয় উত্তৰ দিব- বুলি কয় অখিল গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *