শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত ভয়ানক পথ দুৰ্ঘটনা।
পাথাৰকান্দি-ৰাতাবাড়ি সংযোগী পাহাৰিয়া পথৰ ছাগিখাউৰি এলাকাৰ ভিউ পইণ্টৰ ওচৰত এখন অট’ৰিক্সা নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট গভীৰ দ’খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাত ১৩ বছৰীয়া মেহবুব হুছেইনৰ মৃত্যু হয়। লগতে অট’ত থকা তেওঁৰ মাতৃ, মামাসহ তিনিজন আহত হয়।গুৰুতৰভাৱে আহত দুজনক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়
স্থানীয় লোক আৰু ৰাতাবাড়ি আৰক্ষীয়ে উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।