ত্ৰিপুৰাত চাঞ্চল্যকৰ ঘটনা। ৰাজ্যখনৰ এজন জ্যেষ্ঠ আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ। কাৰ্যালয়ৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ।বিষয়াগৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে সমগ্ৰ ত্ৰিপুৰা আৰক্ষী বিভাগ আৰু প্ৰশাসনৰ মাজত চাঞ্চল্যই বিৰাজ কৰে।
ঘটনাৰ বিৱৰণী অনুসৰি,প্ৰথমে কাৰ্যালয়ৰ ভিতৰৰ পৰা এটা গুলীৰ শব্দ শুনা গৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। অৱশ্যে কি কাৰণত ইমান জ্যেষ্ঠ পদবীত থকা এজন বিষয়াই এনে চৰম পদক্ষেপ গ্ৰহণ কৰে, সেই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট তথ্য লাভ কৰা হোৱা নাই।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল আৰু ফৰেনছিক বিশেষজ্ঞৰ দল ঘটনাস্থলীত উপস্থিত হৈছে। সমগ্ৰ কাৰ্যালয় কক্ষটো বৰ্তমান ছীল কৰি দিয়া হৈছে আৰু পুংখানুপুংখভাৱে তথ্য সংগ্ৰহ কৰা হৈছে।
মৃত আৰক্ষী বিষয়াগৰাকী ত্ৰিপুৰাৰ আৰক্ষীৰ সঞ্চালক প্ৰধান অনুৰাগ ধানকাৰ। জ্যেষ্ঠ বিষয়াগৰাকীয়ে নিজৰ চাৰ্ভিচ ৰিভলভাৰেৰে নিজকে গুলীয়াই আত্মহনন কৰে।