Share and Enjoy !

Shares

অনলাইন জুৱাৰীৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান।

ধুবুৰী চহৰৰ আফৰীন হোটেলৰ কোঠাত অবৈধ অনলাইন জুৱা খেলি থকাৰ সময়চোৱাতে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই চাৰিজন যুৱকক হাতে লোটে আটক কৰে।

যুৱক চাৰিজনে অনলাইন গেমৰ জৰিয়তে লাখে লাখে টকাৰ জুৱা খেলিছিল৷ যুৱক চাৰিজনৰ পৰা অবৈধ US ডলাৰৰ লেনদেনৰ ভিক্তিত অভিযান চলাই চাৰি যুৱকক আটক কৰে।

আটকাধীন যুৱককেইজন হৈছে- কলা পাকানী অঞ্চলৰ হাৰন আলী,ৰিজাৰ্ভেৰ চৰ অঞ্চলৰ আব্দুল মতিন, হোসেন আলী আৰু ওছমান গণি৷

চাৰিওজনৰ পৰা চাৰিটা মোবাইল জব্দ কৰে আৰক্ষীয়ে। সমগ্ৰ ঘটনা সন্দৰ্ভত ধুবুৰী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *