নিউ বঙাইগাওঁ জংচনত সক্ৰিয় পিষ্টলসহ আটক এজনক।
সোমবাৰে নিশা GRP-ৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় কাৰখানাত নিৰ্মিত পিষ্টলসহ সজীৱ গুলি। পিষ্টলৰ গৰাকীক আটক কৰে GRPয়ে। আটকাধীন ব্যক্তিজনৰ সতীশ কুমাৰ বুলি চিনাক্ত কৰা হৈছে।
সতীশ কুমাৰৰ ঘৰ বিহাৰৰ গোপালগঞ্জত বুলি জানিব পৰা গৈছে। নিউ বঙাইগাঁও জিআৰপিৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ চৌধুৰীৰ নেতৃত্বত চলিছিল এই অভিযান। পিষ্টলৰ কোনো বৈধ অনুজ্ঞাপত্ৰ নাই বুলি জানিব পৰা গৈছে। কি উদ্দেশ্যৰে পিষ্টল লৈ ঘুৰি ফুৰিছিল তাৰ তদন্ত কৰি আছে আৰক্ষীয়ে।