বুধবাৰে চৰাইদেউত বান পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানাক্ৰান্ত ৰাইজৰ সৈতে মত বিনিময় কৰি পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকী সাহায্য শিবিৰত উপস্থিত হোৱাৰ পাছতেই বানাক্ৰান্তই কান্দি কান্দি মুখ্যমন্ত্ৰীক বিৱৰি কয় তেওঁলোকৰ দুখ-দুৰ্দশাৰ কথা।
বান পৰিস্থিতিৰ বুজ লৈ সংবাদ মাধ্যমক সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে। বহু লোক আশ্ৰয় শিবিৰলৈ আহিছে, বহু লোক বানত আবদ্ধ হৈ আছে। বহু লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। NDRF, SDRF, সেনা, চৰকাৰ সকলোৱে একেলগে কাম কৰি আছে।’’
লগতে তেওঁ কয়, ‘‘হেলিকপ্টাৰৰ জৰিয়তেও উদ্ধাৰ অভিযান চলাই থকা হৈছে। ক্ষয়-ক্ষতিৰ পৰিমাণ আমি ভবাতকৈ বহু বেছি হৈছে।’’