হাজোৰ বৰছলি এলেকাৰ ভিন্ন ঠাইত শিশু শ্ৰমিক বিচাৰি চাইল্ড লাইনৰ অভিযান।
অভিযান কালত পাঁচ গৰাকীকৈ শিশু শ্ৰমিক উদ্ধাৰ চাইল্ড লাইনৰ।গেৰেজ আৰু গুডাম ঘৰত কৰ্মৰত অৱস্থাত উদ্ধাৰ শিশু শ্ৰমিক কেইগৰাকী।জিলা শিশু শ্ৰম নিবাৰন বিষয়া মুন মুন সাধনিদাৰ নেঁওগ আৰু শ্ৰম পৰিদৰ্শক পিঙ্কী ধৰৰ নেতৃত্বত এই অভিযানত অংশ লয় এটা সজাতি দলে।
অভিযান কালত দলটোক সহযোগিতা আগবঢ়াই ৰামদিয়া আৰক্ষীয়ে।আনহাতে শিশু শ্ৰমিক কৰ্মৰত প্ৰতিষ্ঠান কেইটাৰ পাঁচ গৰাকীকৈ স্বত্তাধিকাৰীৰ বিৰুদ্ধে চাইল্ড লাইনৰ তৰফৰ পৰা ৰামদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।।