Share and Enjoy !

Shares

আজি গোলাঘাটৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গোলাঘাটৰ কমাৰবন্ধা আৰু নুমলীগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী। বানৰ কবলত পৰিছে গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল। জিলাখনৰ প্ৰায় ১৩৫খন গাওঁ বানৰ কৱলত পৰিছে।

উল্লেখ্যে যে, পুনৰ অসমত বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনৰ ১২ খন জিলাৰ প্ৰায় ৫.৬৫ লাখ লোক বৰ্তমান বানৰ কবলত পৰাৰ লগতে মৃত্যুৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি পাইছে। বুধবাৰে, ২২ জুলাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলা পৰিদৰ্শন কৰি বানপীড়িত ৰাইজৰ অৱস্থাৰ বুজ লৈছিল।

এই সময়ছোৱাতে তেওঁ বানত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়াললৈ চৰকাৰৰ তৰফৰ পৰা তাৎক্ষণিকভাৱে ৪ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। সেনা, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু অসামৰিক প্ৰশাসনে যুটীয়াভাৱে অভিযান চলাই চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰৰ পৰা ছয় হাজাৰতকৈ অধিক লোকক নিৰাপদ স্থানলৈ উদ্ধাৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *