অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। টেলিফোনযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা বান পৰিস্থিতিৰ বুজ ল’লে অমিত শ্বাহে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জনালে এই কথা।
সামাজিক মাধ্যমতো হিমন্ত বিশ্ব শৰ্মাই লিখিছে, ‘‘কিছু সময় পূৰ্বে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই টেলিফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লয়। অসমত উদ্ভৱ হোৱা অভূতপূৰ্ব বান পৰিস্থিতিৰ প্ৰেক্ষাপটত তেখেতে জনাইছে যে ৰাজ্যত হোৱা ক্ষয়-ক্ষতিৰ বিস্তৃত মূল্যায়ন কৰিবলৈ আৰু পুনৰ্বাসন তথা পুনৰ্নিৰ্মাণ প্ৰক্ৰিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা প্ৰয়োজনীয় সহায় সম্পৰ্কে পৰ্যালোচনা কৰাৰ উদ্দেশ্যে শীঘ্ৰে এক কেন্দ্ৰীয় মন্ত্ৰণালয়ৰ প্রতিনিধি দল অসমত আহি উপস্থিত হ’ব। ডাৱৰ বিস্ফোৰণৰ ফলত উজনিত সংঘটিত আকস্মিক বানে আমাৰ বহু লোকৰ জীৱন আৰু জীৱিকাত গভীৰ প্ৰভাৱ পেলাইছে। এই কঠিন সময়ত অসমৰ জনসাধাৰণৰ কাষত দৃঢ়ভাৱে থিয় দিয়াৰ বাবে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’’
উল্লেখ্য যে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাৰ কেইবাটাও স্থানৰ বান শিৱিৰ পৰ্যবেক্ষণ কৰিব। প্ৰথম কমাৰবন্ধা ভাস্কৰ ছিনিয়ৰ বেচিক স্কুলৰ যি বান শিৱিৰত উপস্থিত হৈ বন্যাৰ্তৰ দুখ-দুৰ্দশাৰ বুজ ল’ব। তাৰ পিছতে নুমলীগড় উচ্চত্তৰ মাধ্যমিক বিদ্যালয়ৰ আৰ্দশ বান শিৱিৰত উপস্থিত হৈ মত বিনিময় কৰি বুজ ল’ব দুখ-দুৰ্দশাৰ।