কামৰূপৰ বংশৰ তিনি আলি চ’কত দিন দুপৰতে ডকাইতি
ৰৈ থকা বাহনৰ পৰা লুটি নিলে বেগসহ ডেৰ লাখ টকা
টকাৰ লগতে চোৰে লৈ গ’ল বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি-পত্ৰ
ভুক্তভোগী গৰাকী ক্ষেত্ৰী হাৰদিয়া উঃ মাঃ বিঃ ৰ প্ৰধান শিক্ষক মনোৰঞ্জন মেধী
দুপৰীয়া দদৰা ষ্টেট বেংকৰ পৰা উলিয়াই আনিছিল ডেৰ লাখ টকা।
বংশৰ তিনি আলিত গাড়ী ৰাখি বজাৰ কৰিবলৈ গৈছিল শিক্ষকগৰাকীয়ে
সেই সুযোগতে চোৰে গাড়ীৰ পিছফালৰ দৰ্জা খুলি লুটি নিয়ে টকাসহ বেগটো
“টকা নালাগে, স্কুলৰ নথি-পত্ৰখিনি ঘূৰাই দিয়ক”– ভুক্তভোগী শিক্ষকৰ কাতৰ অনুৰোধ
বেগটোত আছিল বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ অফিচিয়েল নথিপত্ৰ
ইতিমধ্যে ঘটনা সন্দৰ্ভত শুৱালকুছি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে