উজনিৰ বানপানীক লৈ বদৰুদ্দিন আজমলৰ সংবাদমেল৷
বান পৰিস্থিতিৰ কথা ক’বলৈ গৈ আৱেগিক বদৰুদ্দিন আজমল৷
চকুত চকুপানী আজমলৰ৷ সংবামেলত বিধায়ক আজমলে কয়,মানৱ জাতি ডুবিছে উজনিত ৷ আমি তাত হিন্দু মুছলিম বুলি কৈ থকাৰ সময় নহয় ৷ মহিলাৰ বাবে আজমল ফাউণ্ডেচনে ১০ হাজাৰ টয়লেট বনাবলৈ কৈছে, যিমান টকা লাগে আজমল ফাউণ্ডেচনে দিব ৷
মোক বহুতেই কৈছিল তাত দাড়ি টুপী পিন্ধি সাহায্য লৈ গ’লে আপোনাক গ্ৰহণ নকৰিব ৷ কিন্তু মই কৈছিলোঁ নহয় মই যাম, মোক অগ্ৰাহ্য কৰিলেও মই ৰাস্তাতে থাকিম
অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ প্ৰসংগ আজমলৰ মুখত ৷
আজমেল লগতে কয়, অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ অৱস্থা ভাল নহয় ৷ তেওঁ আজি কি পৰ্যায়ত আছে দেখি মোৰ দুখ লাগিল ৷ যিমান দিন তেওঁ জীয়াই থাকে তেওঁক মই প্ৰতিমাহে ১০ হাজাৰ টকাকৈ চেকযোগে প্ৰদান কৰিম ৷ তেওঁ যিসকলক প্ৰশিক্ষণ দিছিল এসময়ত আজিকালি তেওঁলোকেও অৰ্জুন ভোগেশ্বৰ বৰুৱাক খবৰ নলয় বুলি মোক কৈছে
শিৱসাগৰত আজমল চুপাৰ-40 বনাবলৈ মোক অনুৰোধ কৰিছে একাংশ লোকে ৷ মোক যদি ২০ বিঘা মাটি দিয়ে তেনেহ’লে মই আজমল চুপাৰ-40 বনাম ৷