২০ জুলাই, ২০২৬ৰ পৰা দিল্লীকে ধৰি সমগ্ৰ দেশজুৰি চিজেপিৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীৰ আন্দোলন কৰিছিল ছাত্ৰী-ছাত্ৰীসকলে।আন্দোলনৰ মূল দাবী আছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদত্যাগ।
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে প্ৰতিবাদ কৰিছিল অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী কেশৱ মহন্ত কন্যাৰ।
নিবাৰে কেবিনেট বৈঠকৰ অন্তত সংবাদমেলত কেশৱ মহন্তৰ কন্যাৰ প্ৰতিবাদ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ‘‘মই ভাৱো মোৰ ল’ৰা-ছোৱালীয়ে কি কৰিব তাৰ কাৰণে মই কেনেকৈ উত্তৰ দিম। মোৰ ল’ৰা-ছোৱালীয়েও মোৰ বহু কথা নামানে। মোদীজীৰ বিপক্ষে কৈছে মোৰ দুখ লাগিছে, কেতিয়াবা ছোৱালীগৰাকীক লগ পালে মই কথাও পাতিম’’
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘কেশৱ মহন্ত বৰ্তমান ডাঙৰ দায়িত্বত আছে, ৰাজ্যৰ বানাক্ৰান্ত ৰাইজক সহায়-সহযোগিতা কৰাৰ তেওঁৰ দায়িত্ব। কেশৱ মহন্তক মানসিকভাৱে ভাৰাক্ৰান্ত কৰিলে আমি কোনো উপকৃত নহওঁ। এনেকুৱাধৰণৰ কথাত ল’ৰা-ছোৱালীৰ লগত দেউতা-মাকক সম্পৰ্কিত কৰাৰটো নাবালক হৈ থকালৈকে ঠিক আছে, সাবালক হৈ থকাৰ পিছত জড়িত কৰি লাভ নাই। যিখিনি কৈছে, সেইখিনি ভুল কথা কৈছে, কেতিয়াবা ছোৱালীগৰাকীৰ সৈতে কথা পাতিম।’’