অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযান অভিযানত খাৰুৱাবান্ধা আৰক্ষীৰ সফলতা।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ হাটশিঙিমাৰী-মানকাচৰ সংযোগী পথৰ ফেকামাৰী এলেকাত এক গোপন তথ্যৰ ভিত্তিত চলোৱা অভিযানত বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰীসহ তিনিটা সৰবৰাহকাৰীক আটক কৰে।
আটকাধীন ধৃত সৰবৰাহকাৰীকেইটা ৰবিউল ইছলাম,ফকিৰ চান্দ আৰু মহিবুল ইছলাম বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, অঞ্চলটোত নিচাজাতীয় সামগ্ৰীৰ অবৈধ সৰবৰাহ চলি থকাৰ পকা খবৰ পাই খাৰুৱাবান্ধা আৰক্ষীৰ দল এটাই ফেকামাৰী সংযোগী পথত অভিযান চলাইছিল। অভিযানকালত উক্ত তিনিসৰবৰাহকীৰক আটক কৰি তালাচী চলোৱাত তেওঁলোকৰ জিম্মাৰ পৰা বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰে।
ধৃত সৰবৰাহকাৰী কেইজনক বৰ্তমান আৰক্ষীয়ে জিম্মাত তদন্ত অব্যাহত ৰাখিছে।