তেজপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতে ২০১১ চনৰ এক হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত আব্দুল কাদিৰক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডে দণ্ডিত কৰিছে। লগতে আদালতে অভিযুক্তৰ ওপৰত ২০ হাজাৰ টকাৰ জৰিমনাও আৰোপ কৰে।
আদালতৰ তথ্য অনুসৰি, ২০১১ চনত তেজপুৰৰ লালেতাপু অঞ্চলত সংঘটিত এই ঘটনাত আব্দুল কাদিৰে চোকা অস্ত্ৰৰে আক্ৰমণ চলাই জছুম উদ্দিন নামৰ এজন লোকক হত্যা কৰিছিল। এই আক্ৰমণত নিহত জছুম উদ্দিনৰ পত্নীও গুৰুতৰভাৱে আহত হৈছিল।
ঘটনাৰ পিছতে তেজপুৰ আৰক্ষীয়ে ৯৯৫/২০১১ নম্বৰৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে আৰু অভিযুক্ত আব্দুল কাদিৰক গ্ৰেপ্তাৰ কৰে।
দীৰ্ঘদিন ধৰি চলা আইনী প্ৰক্ৰিয়াৰ অন্তত আজি তেজপুৰৰ জিলা আৰু সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে আব্দুল কাদিৰক হত্যাৰ অপৰাধত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনা বিহে।
এই ৰায়দানৰ জৰিয়তে প্ৰায় ১৫ বছৰ পুৰণি হত্যাকাণ্ডৰ গোচৰটোৰ আইনী নিষ্পত্তি সম্পন্ন হয়।