অসমৰ বানাক্ৰান্তৰ বাবে ৰিলায়েন্স ফাউণ্ডেশ্যনে আগবঢ়ালে ২১কোটি টকা।নীতা আম্বানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত পোষ্ট কৰে, ৰিলায়েন্স ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰীমতী নীতা আম্বানী ডাঙৰীয়ানীয়ে অসমৰ ৰাইজে কঠিন সময়ৰ সন্মুখীন হ’লেই সদায় আমাৰ ৰাজ্যবাসীৰ কাষত থিয় দি আহিছে। ক’ভিড-১৯ মহামাৰীৰ কঠিন সময়তো অসমবাসীৰ কাষত থিয় দি আগবঢ়োৱা তেখেতৰ অকুণ্ঠ সহযোগিতাৰ কথা আমি আজিও কৃতজ্ঞতাৰে স্মৰণ কৰোঁ। কালিও তেখেতে পুনৰ এবাৰ সেই সহমৰ্মিতা আৰু দায়বদ্ধতাৰ পৰিচয় দি শেহতীয়া বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২১ কোটি টকা আগবঢ়াইছে।
তেওঁ লগতে লিখিছে, ইয়াৰ সমান্তৰালভাৱে ৰিলায়েন্স ফাউণ্ডেশ্যনৰ দলসমূহে বানপীড়িত অঞ্চলসমূহত অক্লান্তভাৱে কাম কৰি ৰাইজক খাদ্য, জনস্বাস্থ্য সেৱা, জৰুৰীকালীন আশ্ৰয় আৰু পশুধনৰ যত্নৰ দৰে অত্যাৱশ্যকীয় সহায় আগবঢ়াইছে। অসমবাসীৰ প্ৰতি দেখুওৱা এই সহমৰ্মিতা, সদিচ্ছা আৰু অকুণ্ঠ সহায়ৰ বাবে শ্ৰীমতী নীতা আম্বানী ডাঙৰীয়ানী আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।