Share and Enjoy !

Shares

উজনিৰ বানাক্ৰান্তৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় পেঞ্চনাৰ সন্থাৰ জৰুৰী বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। সন্থাৰ সভাপতি অধ্যাপক ড° বাপুকণ চৌধুৰীৰ পৌৰাহিত্যত অনুষ্ঠিত এই সভাত অসমৰ বৰ্তমান প্ৰলয়ংকৰী বানৰ ভয়াৱহ পৰিস্থিতিক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰা হয়।

বানৰ কবলত পৰি মৃত্যুবৰণ কৰা সকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰে আৰু মৃতকৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। লগতে বানাক্ৰান্তসকলৰ তাৎক্ষণিক সাহায্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ লাখ টকাৰ এক আৰ্থিক অনুদান আগবঢ়োৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰা হয়।

লগতে এই জৰুৰী কাৰ্যনিৰ্বাহক সভাতে পেঞ্চনাৰসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহক লৈও গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়।বিশেষকৈ বিশ্ববিদ্যালয়ৰ পেঞ্চনাৰসকলৰ পেঞ্চনৰ পৰা ৫ শতাংশ ধন কৰ্তন কৰা বিষয়টোত গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনো ইতিবাচক সঁহাৰি নজনোৱাক লৈ সভাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

সন্থাৰ তৰফৰ পৰা পেঞ্চনাৰসকলৰ অনাদায় হৈ থকা ২ শতাংশ বনাচ অতিশীঘ্ৰে আদায় দিয়াৰ বাবেও জোৰদাৰ দাবী উত্থাপন কৰা হয়। সন্থাৰ সভাপতি অধ্যাপক ড° বাপুকণ চৌধুৰী আৰু সম্পাদক মানিক চন্দ্ৰ পাঠকৰ হৈ প্ৰচাৰ সম্পাদক নৰেন দাসে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *