উজনিৰ ৪খন জিলাৰ বানাক্ৰান্তলৈ ১৫ হাজাৰ টকাকৈ অন্তৰ্ৱৰ্তীকালীন সাহায্য ৰাজ্য চৰকাৰৰ। সোমবাৰে এক সংবাদমেলযোগে এই কথা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ডিব্ৰুগড়ত ভাৰ্চুৱেলভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এই বান সাহায্যৰ ধন মুকলি কৰে। অহা ৩ আগষ্টৰ পৰা ৫ আগষ্টৰ ভিতৰত বানাক্ৰান্তসকলে এই ধন লাভ কৰিব।
প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালে লাভ কৰিব ১৫,০০০ টকা। ১১২ কোটি টকাৰ সাহায্য পৰিকল্পনাই প্ৰথম পৰ্যায়ত সাঙুৰি ল’ব প্ৰায় ৭৫,০০০ পৰিয়ালক। হিতাধিকাৰীসকলে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ (DBT) বা নিজ নিজ বেংক একাউণ্টৰ যোগেৰে পোনে পোনে এই ধন লাভ কৰিব। লগতে প্ৰথম পৰ্যায়ৰ এই ১৫,০০০ টকাৰ উপৰিও পৰৱৰ্তী সময়ত জৰীপ আৰু মূল্যায়নৰ ভিত্তিত আৰু ১০,০০০ টকাকৈ অতিৰিক্ত সাহায্য আগবঢ়োৱা হ’ব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানাক্ৰান্তই লাভ কৰিব এই ধন।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ৪ জিলাৰ বানপীড়তলৈ প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ সাহায্য প্ৰদান কৰা হ’ব। বানবিধ্বস্ত বিদ্যালয়সমূহলৈ ২ লাখ ১০ হাজাৰ টকাকৈ সাহায্য। মঙলবাৰৰ পৰা বিদ্যালয়ৰ একাউণ্টত প্ৰদান কৰা হ’ব এই সাহায্যৰ ধন।