ৰঙিয়াৰ খৈৰাবাৰীত শোকাৱহ ঘটনা। খৈৰাবাৰীৰ কালভাৰ্টৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ। উদ্ধাৰ হোৱা মৃত লোকজনক প্ৰাক্তন সেনা জোৱান অশ্বিনী কলিতা বুলি চিনাক্ত কৰা হৈছে।
স্থানীয় ৰাইজে খৈৰাবাৰী অঞ্চলৰ কালভাৰ্টটোৰ তলত প্ৰথমতে লোকজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে আৰু লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়ে। কালভাৰ্টৰ তলত কি পৰিস্থিতিত লোকজনৰ মৃত্যু হ’ল, সেয়া এই পৰ্যন্ত স্পষ্ট হোৱা নাই।
ইপিনে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ এটা দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।বৰ্তমানলৈ স্পষ্ট হোৱা নাই মৃত্যুৰ কাৰণ