আজিও অস্বাভাৱিক পৰিস্থিতিৰ মাজত বিহুবৰৰ নেপালী খুটি
১৩ দিন পাৰ হোৱাৰ পিছতো উদ্ধাৰ অভিযান চলি আছে নাজিৰা বিহুবৰৰ নেপালী খুটিত ।
বিগত ১৯ জুলাই তাৰিখে অহা প্ৰলয়ংকাৰী বানত সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল উজনি অসমৰ শিৱসাগৰ জিলাৰ বিহুবৰ নেপালী খুটি ।
এতিয়ালৈকে ৩০ তাতকৈও অধিক মৃতদেহ উদ্ধাৰ হৈছে লগতে ভালেসংখ্যক লোকৰ এই মূহুৰ্তৰলৈকে কোনো খবৰ নাই বুলি জানিব পৰা গৈছে ।
চৰকাৰৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, দল সংগঠনে, হৃদয়বান লোকে সামৰ্থ অনুযায়ী সাহাৰ্য্য প্ৰদান কৰিছে বানাক্ৰান্ত লোকসকলৰ বাবে ।
উদ্ধাৰ আৰু পুনৰসংস্থাপনৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি থকা হৈছে যদিও নেপালী খুটিত এই মূহুৰ্তৰলৈকে স্বভাৱিক অৱস্থা ঘুৰি অহা নাই ।
ইফালে নাজিৰা সমষ্টিৰ, শিৱসাগৰ সমষ্টিৰ বহু কৃষক ৰাইজ এই বানৰ কবলত পৰি দিশহাৰা হৈছে ।
বহুতৰ খেতি পথাৰ , কঠিয়া,চাহ গছ বাঢ়নী পানীত ডুবি পৰাৰ ফলত কৃষক ৰাইজে মুৰে কপালে হাত দিবলগীয়া হৈছে ।
লগতে মৃত্যু ঘটিছে হাজাৰ হাজাৰ পশুধনৰ ।
এতিয়া এই সকলো পৰিস্থিতিৰ সৈতে কেনেদৰে ৰাজ্য চৰকাৰে মোকাবিলা কৰে সেইয়া লক্ষণীয় হ’ব ।