ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তত অঘটন।
শুক্লাই নদীয়ে উটুৱাই নিয়ে ৪গৰাকী ছাত্ৰ-ছাত্ৰীক।
ডিমাকুছি, শংকৰদেৱ শিশু নিকেতন ৪ ছাত্ৰ-ছাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা।
বিদ্যালয় চুটিৰ পাছত ঘৰলৈ ওভতাৰ পথত বাদলাপাৰা শুক্লাই নদীয়ে উটুৱাই নিয়ে শিক্ষাৰ্থী ৪গৰাকীক।
বৰ্তমান চিকিৎসালয়ত ভৰ্তি শিক্ষাৰ্থী ৪গৰাকী।
তীব্ৰ আতংকত বাদলাপাৰাৰ ৰাইজ।
স্বাধীনতাৰ সাতটা দশক অতিক্ৰম কৰাৰ পাছতো এখন দলং নিৰ্মাণ নকৰিলে BTC তথা অসম চৰকাৰে।
পূৰ্বতে বহু লোকৰ মৃত্যু হৈছে নদীখনত ৷