Share and Enjoy !

Shares

মহানগৰীত জালনোট সৰবৰাহকাৰীৰ বিৰুদ্ধ সষ্টম মহানগৰ আৰক্ষী। এইবাৰ উত্তৰ গুৱাহাটীত নকল টকা সৰবৰাহকাৰী গেঙক গ্রেপ্তাৰ

আটক হোৱা ধৃত লোককেইজন চিন্ময় কলিতা,ৰছিদ আলী আৰু মহম্মদ ছাহিল আলী বুলি জানিব পৰা গৈছে।

কুমাৰ ভাস্কৰ বৰ্মা দলঙৰ কাষত আৰক্ষী আৰু স্থানীয় ৰাইজে চক্ৰটোৰ উপস্থিতিৰ উমান পায়। ধৰা পৰাৰ ভয়ত অভিযুক্তকেইজনে পলাই সাৰিবলৈ চেষ্টা কৰে যদিও পিটনিৰ মাজৰ পৰা তেওঁলোকক খেদি খেদি আটক কৰে।

এই নকল টকা সৰবৰাহকাৰী দলটোৱে আৰক্ষী আৰু প্ৰশাসনৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে এখন ভুৱা নম্বৰ প্লেট লগোৱা চাৰিচকীয়া বাহনেৰে এই অবৈধ কাৰ্য সংঘটিত কৰিবলৈ আহিছিল। আৰক্ষীয়ে অভিযুক্ত কেইজনৰ বাহনখনত তালাচী চলাই ৩ লাখ ৮২ হাজাৰ টকাৰ নকল নোট জব্দ কৰিবলৈ সক্ষম হয়।

বৰ্তমান উত্তৰ গুৱাহাটী আৰক্ষীয়ে ধৃত চিন্ময় কলিতা, ৰছিদ আলী আৰু মহম্মদ ছাহিল আলীক থানালৈ আনি অধিক তথ্যৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *