অসমৰ ভয়াৱহ বান পৰিস্থিতিৰ পাছত বানাক্ৰান্তসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ৰাজ্যৰ সাংস্কৃতিক জগত।
এইবাৰ নগাঁৱত ‘বান’ৰ বাবে গান’ শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচীৰ জৰিয়তে বানসাহায্য সংগ্ৰহৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই বিশেষ প্ৰচেষ্টাত সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰাৰ লগতে সাহায্য সংগ্ৰহ কৰে ৰাজ্যৰ জনপ্ৰিয় শিল্পী তৰালী শৰ্মা আৰু ৰূপম ভূঞাই।
ড্ৰিমছ ষ্টুডিঅ’ আৰু ‘দেৱ গান্ধাৰ’ৰ যৌথ উদ্যোগত সংগৃহীত এই বিশেষ সাংস্কৃতিক আৰু সামাজিক কাৰ্যসূচী গুৱাহাটীৰ সফলতাৰ পাছত নগাঁৱত উপস্থিত হয়। জনপ্ৰিয় কণ্ঠশিল্পী তৰালী শৰ্মা আৰু ৰূপম ভূঞাই নগাঁৱৰ ৰাইজৰ উপস্থিতিত সংগীত পৰিৱেশন কৰে। সংগীত উপস্থাপনৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ সাম্প্ৰতিক বানত প্ৰভাৱিত হোৱা দুৰ্গম অঞ্চলৰ বানপীড়িত শিক্ষাৰ্থীসকলক আৰ্থিক তথা লাগতিয়াল সামগ্ৰীৰে সাহায্য প্ৰদান কৰা।
এই কাৰ্যসূচীৰ যোগেদি সংগৃহীত সকলো ধন আৰু সাহায্য সামগ্ৰী শুকুৰবাৰে প্ৰদান কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।
শেহতীয়াকৈ বানত ব্যপকভাৱে বিধ্বস্ত হোৱা শিৱসাগৰ জিলাৰ আশ্ৰয় শিবিৰ আৰু প্লাবিত অঞ্চলৰ শিক্ষাৰ্থীসকলৰ মাজত ব্যক্তিগতভাৱে এই সাহায্য প্ৰদান কৰিব দলটোৱে। লগতে শ্ৰোতা-দৰ্শকৰ সমাদৰ আৰু শিল্পীসকলৰ এই প্ৰচেষ্টাক নগাঁৱৰ ৰাইজে ভূয়সী প্ৰশংসা কৰাৰ লগতে বানাক্ৰান্ত শিক্ষাৰ্থীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰাত এই পদক্ষেপে যথেষ্ট সহায় কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।