Share and Enjoy !

Shares

নগাঁও জিলাৰ পুৰণিগুদামস্থিত ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী চাৰিচকীয়া বাহনৰ প্ৰচণ্ড খুন্দাত পথচাৰীক ফলত থিতাতে নিহত হয় পথচাৰী।

উল্লেখ্য যে, দুৰ্ঘটনাত নিহত লোকজনক পুৰণিগুদাম মুঢ়ানি অঞ্চলৰ বাসিন্দা বিপিন গায়ন বুলি চিনাক্ত কৰা হৈছে। ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই বিপিন গায়ন নামৰ লোকজনক অতি তীব্ৰবেগে অহা এখন বাহনে প্ৰচণ্ড খুন্দা মাৰে। খুন্দাৰ পৰিণামত লোকজনে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ থিতাতে নিহত হয় ।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ পঞ্জীয়ন নম্বৰ ML05AH4188 বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষীৰ দল উপস্থিত হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও জিলা অসামৰিক হাস্পতাললৈ প্ৰেৰণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *