Share and Enjoy !

Shares

বানপীড়িত জিলাৰ বিদ্যালয়সমূহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য।

বিদ্যালয়সমূহৰ গৰমৰ বন্ধ খোলাৰ তাৰিখক লৈ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ।

বানপীড়িত চাৰি জিলাৰ বিদ্যালয়সমূহ ১০-১১ তাৰিখৰ পৰা খুলিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। প্ৰলয়ংকৰী বানৰ বাবে এই জিলাকেইখনত ১০ দিনৰ বাবে বৃদ্ধি কৰা হৈছিল গৰমৰ বন্ধ।

লগতে ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ আৰ্থিক সাহায্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ । বানত ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখকৈ টকা প্ৰদান কৰা হ’ব।

অধিক ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখ টকাৰ উপৰি যিমান প্ৰয়োজন হয় সেইমতে ধন আগবঢ়াব ৰাজ্য চৰকাৰে। অৱশ্যে এনে বিদ্যালয় ১০খন ওলাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখযোগ্য যে বানবিধ্বস্ত জিলাসমূহত ১০ দিনৰ বাবে গৰমৰ বন্ধ বৃদ্ধি কৰা হৈছিল। ৰাজ্যৰ বাকী জিলাসমূহত ৩১ জুলাইলৈ আছিল গৰমৰ বন্ধ। সেই অনুসৰি ১১ তাৰিখৰ পৰা এই জিলাকেইখনৰ বিদ্যালয়সমূহ খোলাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *