মৰিগাঁও আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।অভিযানত ড্ৰাগছসহ আটক তিনি সৰবৰাহকাৰী।
নিশা আৰক্ষীয়ে ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰীকেইটা ক্ৰমে দিলদাৰ আলী, ৰেকিবুদ্দিন আহমেদ আৰু আফতাৰ হুছেইন।বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীকেইটাত ১ নং শলমাৰিৰ ৰেজীয়া চুলতানা নামৰ মহিলা গৰাকীৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইটাৰ পৰা ১৬ টা ড্ৰাগছ ভৰ্তি প্লাষ্টিক কণ্টেনাৰ, তিনিটা মোবাইল ফোন আৰু এটা চিৰিঞ্জ জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা ড্ৰাগছখিনি হে’ৰইন আৰু ইয়াৰ ওজন ২৪.৯৩ গ্ৰাম বুলি জানিব পৰা গৈছে।