Share and Enjoy !

Shares

ৰঙিয়াত ভয়ংকৰ দুৰ্ঘটনা। পুৱতিনিশা ৰঙিয়াৰ বালাগাঁৱত ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।

দ্ৰুতবেগী টাটা নেক্সন বাহনৰ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁৰিৰ গছত প্ৰচণ্ড খুন্দা। ফলত থিতাতে নিহত হয় বাহনখনত থকা দুই যুৱকৰ

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে AS 19Y 0780 নম্বৰৰ TATA Nexon বাহনখন। বাহনখনৰ দৰ্জা ভাঙি ৰাইজে উদ্ধাৰ কৰে দুই যুৱকৰ মৃতদেহ।

সুৰাপান কৰি বাহন চলোৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। কাৰণ বাহনখনৰ ভিতৰত আছিল কেইবাটাও সুৰাৰ বটল। চালকৰ টোপনি অহাৰ ফলত বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে। পিছত মৃতদেহ দুটা থানালৈ লৈ যায় আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *