Share and Enjoy !

Shares

মঙলবাৰে অখিল গগৈক বানপীড়িত এটা অঞ্চলত এগৰাকী মহিলাই সাতপুৰুষ উজাৰি গালি বৰ্ষণ কৰিলে।

অখিল গগৈ গৈছিল মগৰাহাট পঞ্চায়তৰ অন্তৰ্গত আইলামুখ গাঁৱলৈ। তাতেই ৰাধিকা নামৰ এগৰাকী মহিলাই দেৰিকৈ খবৰ ল’বলৈ যোৱাৰ বাবে বিধায়কজনক উভটি ধৰিলে। বান সাহাৰ্য নোপোৱা, চৰকাৰী সাহাৰ্য ধন সোমোৱাক লৈ খেলিমেলি- সকলো কথা সামৰি অখিলৰ সন্মুখত ৰণচণ্ডী মূৰ্তি ধৰিলে মহিলাগৰাকীয়ে।

আনকি মুখত ওভত মাত মাতি অখিল গগৈক জবাবদিহি কৰিলে মহিলাগৰাকীয়ে। তাৰ পাছত অখিল গগৈয়ে বানত এতিয়াও ডুব গৈ থকা গাঁৱখনৰ লোকসকলৰ খবৰ ল’বলৈ যোৱাৰ সময়ত এজন যুৱকে অখিল গগৈক উদ্দেশ্যি ক’লে- আপুনি যেতিয়া প্ৰথম বিধায়ক হৈছিল, তেতিয়াই আপোনাক এই গাঁওখনৰ বাট- পথ ঠিক কৰিবলৈ এখন দৰ্খাস্ত দিছিলো। আজি ৫বছৰে আপুনি একোৱেই নকৰিলে।

অৱশ্যে এই ক্ষোভক ইতিবাচকভাৱে গ্ৰহণ কৰি, সেই সময়ৰ পৰিস্থিতি সন্দৰ্ভত এক ভিডিঅ’ আপলোড কৰিছে। লগতে তেওঁ লিখিছে এনেদৰে- “কালি প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ বানপীড়িতৰ পৰা গালি খালোঁ। মগৰাহাট পঞ্চায়তৰ আইলামুখৰ ৰাধিকা বাইদেৱে তামাম গালি দিলে। দেৰিকৈ খবৰ ল’বলৈ অহা বাবে, গাঁওখনৰ ৰাধিকা বাইদেউহঁতৰ চুবুৰীটোৱে কমকৈ চৰকাৰী সাহায্যা পোৱা বাবে, ১৫ হাজাৰ টকাৰ তৎকালিন চৰকাৰী সাহায্যত চুবুৰীটোৰ মানুহৰ নাম নোসোমোৱা বাবে আৰু আমাৰ দলৰ কেইগৰাকীমান স্থানীয় কৰ্মীৰ কাম-কাজৰ বিৰুদ্ধে আছিল ৰাধিকা বাইদেৱৰ কৰ্কথনা ।

গালি মানে তীব্ৰ ক্ষোভৰ গালি। স্বতঃস্ফূৰ্ত ক্ষোভ আছিল সেয়া। মাজে মাজে ওভত মাতো মাতিছিল বাইদেৱে। মুঠতে বিধায়কে বানপানীৰ সময়ত খোৱা গালি মই জীৱনত প্ৰথম খালোঁ ! মোৰ লগৰবোৰে গালি শুনি বেয়া পাইছিল, খং উঠিছিল সিহঁতৰো, কিন্তু মই সেই গালি যোগাত্মক দৃষ্টিৰে চাইছিলোঁ। গাঁওখনৰ প্ৰলয়পীড়িত মানুহবোৰৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ বুলি বুজিছিলোঁ। বিৰোধীৰ সমালোচনাই যেনেকৈ চৰকাৰক সঠিক পথ দেখুৱাই, ৰাইজৰ গালিয়েও জনপ্ৰতিনিধিক চিধা কৰি ৰাখে।“

Leave a Reply

Your email address will not be published. Required fields are marked *