Share and Enjoy !

Shares

কাঁহ, পিতল বা অন্য সামগ্ৰী ক্ৰয় কৰোঁতে হওক সাৱধান৷

আনৰ ঘৰৰ চুৰি সামগ্ৰী হ’ব পাৰে আপুনি ক্ৰয় কৰা কাঁহী, বাতি বা অন্য বস্তু৷

ভগা-চিগা সামগ্ৰী ক্ৰয় কৰা লোকৰ পৰা সাৱধান হওক৷

ক্ষন্তেকতে চুৰি কৰি লৈ যাব পাৰে আপোনাৰ ঘৰৰ যিকোনো মূল্যৱান সামগ্ৰী৷

কাকপথাৰত নুৰ ইছলাম আৰু বাদুছ হুছেইন নামৰ দুটা গভাইত চোৰ আটক৷

নুৰ ইছলামৰ ঘৰ নগাঁও বৰদোৱা চমকা গাঁও আৰু বাদুছ হুছেইনৰ ঘৰ মৰিগাঁও মিকিৰভেটা বালিজান গাঁৱত বুলি জানিব পৰা গৈছে ৷

দুইটা চোৰ ভগা-চিগা সামগ্ৰী ক্ৰয় কৰা ব্যৱসায়ৰ বাবে কাকপথাৰত আছিল ৷

কাকপথাৰ চহৰৰে এজন লোকৰ ঘৰৰ পৰা চুৰি কৰিছিল কাঁহৰ কাঁহী, চৰীয়া আদি ৷

চুৰি সামগ্ৰী বিক্ৰী কৰিছিল কাকপথাৰ চহৰৰে পাটোৱাৰী উপাধিৰ বাচন-বৰ্তন ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ এজন ব্যৱসায়িক ৷

পূৰ্বতেও এই ব্যৱসায়ী জনৰ ওপৰত চুৰা সামগ্ৰী ক্ৰয় কৰাৰ অভিযোগ আছে৷

অৱশেষত দুটা চোৰ ধৰা পৰে যদিও পাটোৱাৰী নামৰ ব্যৱসায়ী টোক আৰক্ষীয়ে আটক কৰিব পৰা নাই ৷

আৰক্ষীয়ে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে ৷

অঞ্চলটোত দিনক দিনে বৃদ্ধি পাবলৈ ধৰা চুৰিকাণ্ডৰ সন্দৰ্ভত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *