Share and Enjoy !

Shares

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশা।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।

এইবাৰ অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নলবাৰীৰ এগৰাকী বিশিষ্ট সমাজ হিতৈষী, সাংস্কৃতিক কৰ্মী, অগপৰ কেন্দ্ৰীয় সম্পাদক দিলীপ কুমাৰ দাসৰ এক লাখ টকাৰ সাহায্য ।

দিছপুৰত মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এক লাখ টকাৰ চেক প্ৰদান কৰে নলবাৰীৰ বিশিষ্ট ব্যবসায়ী দিলীপ কুমাৰ দাসে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ এনে সমাজ হিতকৰ কাৰ্য্যৰ শলাগ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *