আলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক অসম ৰাইফলছ আৰু অসম আৰক্ষীআলফা স্বাধীনত যোগদান কৰিবলৈ যোৱা তিনি যুৱকক আটক অসম ৰাইফলছ আৰু অসম আৰক্ষী

Share and Enjoy !

Shares

উদ্ৰপন্থী সংগঠনটোত যোগদান কৰিবলৈ যোৱাৰ সময়ত তিনিজন যুৱকক আটক অসম ৰাইফলছ আৰু অসম আৰক্ষীৰ৷

বহিঃৰাজ্যত কৰ্মৰত কাকপথাৰৰ তিনি যুৱকক আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ খাৰচাঙত আটক কৰে ৷ আটকাধীন যুৱক কেইজন ক্ৰমে কাকপথাৰ মাইথং গাঁৱৰ নবোত্তম বাউলাৰি, জয়ন্ত কোঁৱৰ আৰু মঞ্জিত নেওগ ।

সদ্য আত্মসমৰ্পণকাৰী আলফা স্বাধীনৰ নেতা অৰুণোদয় অসমৰ লগত আত্মসমৰ্পণৰ পূৰ্বে যুৱক কেইজনে যোগাযোগ কৰিছিল বুলি সন্দেহ কৰা হৈছে৷ এই সন্দৰ্ভত অসম আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱক কেইজনক সোধা-পোচা অব্যাহত ৰাখিছে ৷

এই সন্দৰ্ভত এজন ধৃত যুৱক নবোত্তম বাউলাৰিয়ে কয়, “আমি অৰুণোদয় দহোটীয়াৰ লগত কথা পাতি আলফা স্বাধীনত যোগদান কৰিবলৈ গৈ আছিলো আৰু ৰাস্তাতে আমাক ধৰিলে । আমি বেংগালুৰুত কাম কৰি আছিলো ।”

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *