বৰক্ষেএীৰ শিয়ালমাৰী চৰত চাঞ্চল্যকৰ হত্যাকাণ্ড।
নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ শিয়ালমাৰী চৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।
দ্বিতীয় বিবাহৰ বাবে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।
নিজ ভনীজোঁৱাইৰ আক্ৰমণত প্ৰাণ গ’ল জহৰ উদ্দিন নামৰ ৩৫ বছৰীয়া এজন লোকৰ।
হাফিজুৰ ৰহমান নামৰ ভনীজোঁৱায়ে চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ফলত জহৰ উদ্দিন গুৰুতৰভাৱে আহত হয়।
আহত জহৰ উদ্দিনক মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও মৃত বুলি ঘোষণা কৰে চিকিৎসকে ।
হাফিজুৰ ৰহমানে প্ৰথম বিবাহ কৰিছিল জহৰ উদ্দিনৰ ভনিয়েক চাজিৰন নেচাক পুনৰ হাফিজুৰ ৰহমানে দ্বিতীয় বিবাহ কৰিছিল অন্য এগৰাকীয়ে ।
যাৰ ফলত দ্বিতীয় বিবাহ কৰোৱাক কেন্দ্ৰ কৰি পৰিয়ালটোত দিন-ৰাতি কন্দল চলি থাকে ।
পৰিয়ালৰ কন্দলৰ খবৰ ল’ব গৈছিল নিজ ভনীয়েকৰ ঘৰত ককায়েক জহৰ উদ্দিনয়ে ।
খবৰ ল’বলৈ যোৱাৰ সময়ত ভনীয়েকৰ ঘৰত ভনীজোঁৱাইয়ে হাফিজুৰ ৰহমানে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে বুলি জানিব দিয়ে।
মূল অভিযুক্ত হাফিজুৰ ৰহমানক মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব।