শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ দিন ঘোষণা অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ।
৪২টা ৱাৰ্ডযুক্ত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনৰ সময়সূচী ঘোষণা
আজি অধিসূচনা জাৰি কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।
ভোটগ্ৰহণ ৩ অক্টোবৰৰ পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব।
কোনো কাৰণত পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ’লে ৫ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।
নিৰ্বাচনৰ বাবে ১১ ছেপ্টেম্বৰ, ২০২৬ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।
১৪ ছেপ্টেম্বৰত মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ’ব। আনহাতে, ১৭ ছেপ্টেম্বৰ হ’ব প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম দিন।
ইফালে, শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ ভোটগণনা ৬ অক্টোবৰত অনুষ্ঠিত হ’ব। পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা আৰু সম্পূৰ্ণ ফলাফল প্ৰকাশ নোহোৱালৈকে চলিব ভোটগণনা।
উল্লেখ্য যে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’ব শিলচৰ বিধানসভা নিৰ্বাচন।