গহপুৰৰ সোণাপুৰ চাৰেংগুৰিত হৃদয়বিদাৰক ঘটনা সমনীয়াৰ সৈতে গা ধুবলৈ গৈ দ-পুখুৰীৰ পানীত ডুবি প্ৰাণ হেৰুৱালে কিশোৰে। মৃত কিশোৰজন সোণাপুৰ চাৰেংগুৰিৰ বাসিন্দা নেৰছা ওৱাৰি বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, নেৰছা ওৱাৰিয়ে লগ-সমনীয়াৰ সৈতে স্থানীয় এটা দ-পুখুৰীত গা ধুবলৈ নামিছিল। গা ধুই থকা অৱস্থাতে হঠাতে কিশোৰজন দ-পানীত বুৰ যায়। সংগী সমনীয়াসকলে কিশোৰজনক পানীত ডুবা দেখি চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ লগে লগে ঘটনাস্থলীত উপস্থিত হয়।
স্থানীয় ৰাইজে তৎপৰতাৰে পুখুৰীৰ পৰা কিশোৰজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যায়। কিন্তু পৰিতাপৰ বিষয় যে চিকিৎসালয়ত চিকিৎসকে কিশোৰজনক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে।
আনহাতে, ঘটনা সংক্ৰান্তত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আনুষ্ঠানিকভাৱে পৰিয়ালৰ লোকক চমজাই দিয়ে। কিশোৰজনৰ এনে আকস্মিক আৰু কৰুণ মৃত্যুত সমগ্ৰ সোণাপুৰ চাৰেংগুৰি অঞ্চলত এক গভীৰ শোকৰ ছাঁ পৰিছে।