বজালী জিলাৰ বাতুৱা অঞ্চলত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। দুৰ্ঘটনাত এজন ব্যক্তি থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে বাতৰি লিখা পৰলৈকে নিহত ব্যক্তিগৰাকীৰ পৰিচয় উদ্ধাৰ হোৱা নাই। ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে সৰুপেটা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।
কেনেকৈ ৰে’ল দুৰ্ঘটনাটো আৰু কি পৰিস্থিতিত সংঘটিত হ’ল সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।