Share and Enjoy !

Shares

আজি কৃষ্ণ জন্মাষ্টমী। আজি ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথি ৷

এই পৱিত্ৰ দিনটোতে দুষ্টক দমনৰ লগতে পৃথিৱীবাসীক ৰক্ষা কৰি শুদ্ধ মাৰ্গ প্ৰদৰ্শনৰ অৰ্থে আবিৰ্ভাৱ হৈছিল বিশ্ব জগতৰ প্ৰভু নাৰায়ণ ৷ মাতৃ দৈৱকীৰ গৰ্ভত অৱস্থান কৰি যশোদাৰ উকা আঁচল পুৰাবলৈ এই দিনটোতে ধৰালৈ আগমণ ঘটিছিল শিশু কৃষ্ণৰ ৷ বিশ্বাস অনুসৰি আজি নিশাই দৈবকীৰ গৰ্ভৰ পৰা জন্ম হৈছিল শ্ৰীকৃষ্ণৰ।

হিন্দু সকলৰ এই পৱিত্ৰ বিশ্বাসৰ সৈতে বহু কাহিনী জড়িত হৈ আছে। ভাগৱতত উল্লেখ থকা অনুসৰি ভগৱান কৃষ্ণৰ জন্ম ভাদ মাহৰ কৃষ্ণ পক্ষৰ ৰোহিনী নক্ষতৰ অষ্টমী তিথিত হৈছিল। অসমতো জন্মাষ্টমী উপলক্ষে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে।

মথুৰাত জন্মাষ্টমীক লৈ বিৰাজ কৰিছে উৎসৱমুখৰ পৰিবেশ। শিশু কৃষ্ণৰ গুণ-গৰিমা, বন্দনাৰে মুখৰিত হৈছে চৌদিশ। অসমৰ মুখ্যমন্ত্ৰী, ৰাজ্যপালেও জন্মাষ্টমী উপলক্ষে ৰাজ্যবাসীক উলগ জনাইছে। হিন্দু বিশ্বাস অনুসৰি যেতিয়া পৃথিৱীত অন্যায়-অত্যাচাৰেৰে ভৰি পৰিছিল, তেতিয়াই পৃথিৱীবাসীক ৰক্ষা কৰিবলৈ আৰু শুদ্ধ পথ দেখুৱাবলৈ ভগৱান বিষ্ণুৱে মানুহৰ ৰূপ ধৰি জন্মগ্ৰহণ কৰিছিল ৷

কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়। ৰাস লীলাত কৃষ্ণৰ ডেকা বয়সৰ কৰ্ম-কাণ্ড দেখুওৱা হয়, আনহাতে Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱো পালন কৰা হয় ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *