গুৱাহাটীৰ পাণ্ডুত আৰক্ষীৰ বৃহৎ অভিযান
গুৱাহাটী আৰক্ষী, CRPF, RPFৰ বৃহৎ বাহিনীয়ে চলাইছে অভিযান
জালুকবাৰী সম-জিলাৰ SP মৈত্ৰেয়ী ডেকাৰ নেতৃত্বত এই অভিযান
পাণ্ডুৰ ৰে’লৱে লাইনৰ সমীপত সৰু সৰু জুপুৰীত চলিছিল সুৰাৰ ৰমৰমীয়া বেহা
ৰে’লৱেৰ ভূমি দখল কৰি একাংশ মুকলিকৈ মেলিছিল সুৰাৰ বেহা
কেইবাটাও সুৰাৰ ঘাটি আৰক্ষীয়ে চলাই অভিযান
বুজন পৰিমাণৰ সুৰা নষ্ট কৰাৰ লগতে জব্দ শ শ বিলাতী সুৰাৰ বটল
জব্দ ৬০কাৰ্টুন বিলাতী সুৰা, বিয়েৰ ৫০কাটুন, ২হাজাৰ লিটাৰ চুলাই
প্ৰায় ৮লাখ টকাৰ সুৰাৰ জব্দ কৰাৰ লগতে নষ্ট কৰিলে আৰক্ষীৰ দলটোৱে
পাণ্ডু কেবিনত শৈলেন কলিতা আৰু পাণ্ডু বজাৰত ৰেবা নামৰ দুজনে দীর্ঘদিন ধৰি সুৰাৰ কাৰবাৰ চলোৱাৰ অভিযোগ
দীৰ্ঘদিনীয়া অভিযোগৰ পাছতেই আজি অতৰ্কিতে চলিল এই বৃহৎ অভিযান
আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন আটাইকেইটা সুৰা বেপাৰীৰ
ইফালে ৰাজপথ সুৰাৰ সেৱন কৰা কেইবাগৰাকীকো আটক কৰিলে আৰক্ষীয়ে
বৰ্তমান জালুকবাৰী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছিল পৰৱৰ্তী তদন্ত